যুগজিতা বান্ধোন

সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি হিমযেন মলয়া বুকুৰ নন্দনবনত ফুলা কুসুমৰ কলিযেন উৰ্বশীৰ জেউতি চকুত । স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন ইন্দ্ৰধনু মোৰ আপোন পলাশত ফুটি উঠা এটুপাল মৌ যেন উন্মনা ৰূপহী তৰুণ । অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি প্ৰগতিত আমাৰ সপোন ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে যুগজিতা এই বান্ধোন ।