তুমি মোৰ মাথোঁ মোৰ

শীতৰ সেমেকা ৰাতি
কঁপি কঁপি জুহালৰ কাষত বহি
তোমাৰ ভাবনাত আপ্লুত হৈ পৰোঁ।

চৰাই হোৱা হলে,
তোমাৰ পদূলিৰ বিৰিখত পৰি
তোমালৈ তন্ময় হৈ চালোঁ হয়...

কোন বাৰু তুমি অনিন্দ্য সুন্দৰ
তোমাৰ দুটি মৰমি নয়নে
মোৰ মাজনিশাৰ সপোনকো
চাৰখাৰ কৰে...
তুমি যিয়েবা নোহোৱা
মই মাথোঁ কম "তুমি মোৰ মাথোঁ মোৰ"...

Premor Kobita Images -

Comments

Post a Comment