ৰাতিৰ ৰং

অৰণ্যত জিৰিজিৰি মানুহৰ খোজ ।।
বৰ্ণমালাৰ উৎসৱে কিদৰে পাৰ ভাঙি নিয়ে 
সীমাৰ নতুবা চাৰিসীমাৰ।
নতুন মানুহৰ সন্ধানত অবিৰত সেই সমুদ্ৰ জাহাজ
তোমাৰ দুচকুৰে বাগৰি যায় সৰিয়হ শস্যৰ
জোনাক প্ৰেমৰ কাঁঠগৰাত বন্দী হৈ পৰে
মানুহৰ দুহাত, সমগ্ৰ শৰীৰ হয়তো হৃদয়...

সেউজীয়াবোৰ জানো কোনে 
চাৰখাৰ কৰি থৈ গ'ল
বৰ্ণমালাৰ ভৰত দোঁ খাই পৰে
যৌৱনৰ দিন-ৰাতি সকলোবোৰ।।
বসুন্ধৰা,
ঢৌ লেখি জোনাকবোৰ আঁতৰি গল চাগে
সন্ধ্যা হঠাৎ নামে
অহা যোৱা কৰে আজিৰ মানুহ।
প্ৰেমৰ নিৰ্বাচিত এলেকা বহু দূৰৈত 
তুমি দূৰৈত ময়ো দূৰৈত
দুহাতেৰে আঁকোৱালি লৈ যদি তুমি মোক
প্ৰেমৰ ৰূপোৱালী আকেৰে
নৱজন্ম দিলেহেঁতেন ।।

Premor Kobita Images -

Comments

Post a Comment

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন