তোমাৰ আগমনৰ বাতৰিত
তোমাৰ আগমনৰ বাতৰিত
সূৰ্যমুখী ফুল ফুলে
পৰিস্ফুট হয় আঘোণৰ পূৰ্ণেন্দু
ৰঙত উপচি পৰে আকাশ-বতাহ।
তোমাৰ আগমনৰ বাতৰিত
সোণোৱালী শইচে
হাতবাউলি মাতে,
দুবৰীৰ দলিচাত
মুকুতা হৈ নিয়ৰ জিলিকে,
তোমাৰ আগমনৰ বাতৰিত
মন হয় উল্লসিত
বিকশি প্ৰকাশি উঠে
মন বৃন্দাবন
কল্লোল হৃদয়ৰ উঠে যমুনাত।
তোমাৰ আগমনৰ বাবেই
অন্তহীন বাৰ্ষিক প্ৰতীক্ষা মোৰ
আহি থাকিবা তুমি
মোৰ জীৱন-যৌৱন
আৰু বাধ্যকৰ সহচৰী হৈ -
তোমাৰ আগমনৰ বাতৰিত
নাচি উঠক বৃন্দাবন
ফুলি উঠক সূৰ্যমুখী
মুকুতা হৈ উজ্জ্বলি উঠক
দুবৰীডৰা মোৰ।
Premor Kobita Images -
সূৰ্যমুখী ফুল ফুলে
পৰিস্ফুট হয় আঘোণৰ পূৰ্ণেন্দু
ৰঙত উপচি পৰে আকাশ-বতাহ।
তোমাৰ আগমনৰ বাতৰিত
সোণোৱালী শইচে
হাতবাউলি মাতে,
দুবৰীৰ দলিচাত
মুকুতা হৈ নিয়ৰ জিলিকে,
তোমাৰ আগমনৰ বাতৰিত
মন হয় উল্লসিত
বিকশি প্ৰকাশি উঠে
মন বৃন্দাবন
কল্লোল হৃদয়ৰ উঠে যমুনাত।
তোমাৰ আগমনৰ বাবেই
অন্তহীন বাৰ্ষিক প্ৰতীক্ষা মোৰ
আহি থাকিবা তুমি
মোৰ জীৱন-যৌৱন
আৰু বাধ্যকৰ সহচৰী হৈ -
তোমাৰ আগমনৰ বাতৰিত
নাচি উঠক বৃন্দাবন
ফুলি উঠক সূৰ্যমুখী
মুকুতা হৈ উজ্জ্বলি উঠক
দুবৰীডৰা মোৰ।
Premor Kobita Images -
Best
ReplyDeleteGood one
ReplyDelete