স্বপ্নিল
মোৰ ওঁঠত সেয়া কাৰ কৰুণ মাত ফুটিছে
কোনে মাতিছিল মোক ইমান কৰুণকৈ ?
মোৰ মনত নপৰে !
দেখাৰ পিছতো দেখোঁ চিনি নেপালোঁ
আর্চিত মোৰ মুখখনিৰ মাজৰ পৰা
মোৰ ফালে কৰুণভাৱে চাই থকা
কাৰোবাৰ মুখ এখনি ।
কাৰ শোকৰ চকুলোৱে আহি
মোৰ হৃদয় হেঁচি ধৰিছে ?
দুচকু মুদিও মই দেখোঁ একো নেদেখা বুলি
কাকো কব পৰা নাই
কাৰোবাৰ কৰুণ মুখ এখনি দেখোঁ
বাৰে বাৰে মোৰ স্বপ্নত ভাঁহি উঠিছে
মোৰ হৃদয়ত নে দেহৰ আন কৰবাত
কত লুকাই থাকে তেওঁ !
আহক,মই মোৰ দুচকু বহলকৈ মেলি দিছোঁ:
মোৰ ফালে তোমালোকে এবাৰ দীপ্তনয়নে চোৱা
কিজানিবা তোমালোকৰ দুচকুৱে
মোৰ দুচকুত তেওঁক বিচাৰি পোৱা !
Premor Kobita Images -
কোনে মাতিছিল মোক ইমান কৰুণকৈ ?
মোৰ মনত নপৰে !
দেখাৰ পিছতো দেখোঁ চিনি নেপালোঁ
আর্চিত মোৰ মুখখনিৰ মাজৰ পৰা
মোৰ ফালে কৰুণভাৱে চাই থকা
কাৰোবাৰ মুখ এখনি ।
কাৰ শোকৰ চকুলোৱে আহি
মোৰ হৃদয় হেঁচি ধৰিছে ?
দুচকু মুদিও মই দেখোঁ একো নেদেখা বুলি
কাকো কব পৰা নাই
কাৰোবাৰ কৰুণ মুখ এখনি দেখোঁ
বাৰে বাৰে মোৰ স্বপ্নত ভাঁহি উঠিছে
মোৰ হৃদয়ত নে দেহৰ আন কৰবাত
কত লুকাই থাকে তেওঁ !
আহক,মই মোৰ দুচকু বহলকৈ মেলি দিছোঁ:
মোৰ ফালে তোমালোকে এবাৰ দীপ্তনয়নে চোৱা
কিজানিবা তোমালোকৰ দুচকুৱে
মোৰ দুচকুত তেওঁক বিচাৰি পোৱা !
Premor Kobita Images -
💜❤
ReplyDelete