মোৰ কল্পনা

মই হব বিচাৰো
শুভ্ৰ আহি শেৱালিৰ দৰে
সীমাহীন সুগন্ধি বিলাবলৈ,
নিবিচাৰোঁ থাকি মই
তলসৰা গন্ধহীন মদাৰ হৈ ।
মই হব বিচাৰো
আকাশৰ পুৰ্ণিমা জোনৰ দৰে
পৃথিৱীত পোহৰ বিলাবলৈ,
নিবিচাৰোঁ হব মই জোনাকী পৰুৱাৰ দৰে
আউসীৰ আন্ধাৰত বিলীন হবলৈ।
মই হব বিচাৰো
এগচি বন্তিৰ দৰে
 আনক পোহৰ বিলাবলৈ,
নিবিচাৰোঁ মই নিজেই উজ্জ্বল হৈ
আনক আন্ধাৰত ৰাখিবলৈ।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন