প্ৰেমলতা

পোন্ধৰ টোপাল জোনাকে গঢ়া 
আঙুলিৰ আগত থমকি ৰল
তোমাৰ কবিতাটি
পুখুৰীৰ স্থিৰ পানীত
গছৰ ঠেঙুলীত
পদূলিৰ দুবৰিত,
মোৰ দুহাতত হাউলি পৰে
তোমাৰ কেশৰৰ সুবাসযেন
সুগন্ধি কাগজখিলা
আৰু চকুত ভাঁহি উঠে
চকু ডাঙৰ খঙাল চেহেৰাটো
সেয়েহে মোৰ আজিও জোনাক বুলিলেই ভাল লাগে ...

Premor Kobita Hd Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন