এদিন

বাঁহীৰ দীঘল মাত এটাৰ দৰে
গাভৰুজনী ফুটপাথেৰে পাৰ হৈ গৈছিল
বতাহৰ গায়ে খেদি ফুৰিছিল তাইৰ গাৰ মাত
শ শ তৰাফুঁলৰ দৰে তাইৰ নখত
ওলমি পৰিছিল বাটৰ লাইটবোৰ
খহি পৰিছিল দেও দি থকা ৰাষ্টাৰ শিঙাবোৰ

সোণৰ খনিবোৰে
বেংকৰ দুৱাবোৰে
গাভৰুজনীৰ গোৰোহালৈ ৰ লাগি চাইছিল
সৰু সৰু পাণ দোকানবোৰ
তাইৰ কাষলৈ উঠি আহিছিল

মেলা চুলিকোছা আঁতৰাই তাইৰ মুখখনে
নগৰখনলৈ চাই মিচিকিয়ালে
তেজৰ দৰে ৰঙা হৈ
গাভৰুজনীৰ গোৰোহাৰ পৰা শকত তপিনালৈ
এটা হাঁহিৰ সাধুকথা উঠি আহিল ।

Premor Kobita Images -

Comments