পাৰুল

পাৰুল,
বাটে-ঘাটে তোমাৰ
কৃষ্ণচূড়া তেজ ৰঙা চোলা
তোমাৰ হিয়া সেউজীয়া বুটাম খোলা
সকলোৰে মনত তুমিয়েই দিলা
প্ৰেমৰ দোলা
কেনেকৈ পাৰুল তুমি
ইমান ধুনীয়া হলা।
আকাশ জুৰি গুণগুনকৈ ভালপোৱা
গীত গালা
কিন্তু..
সেয়া আজি অতীত
এইবাৰ জানা...
সেয়ে এইবাৰ কপৌ নুফুলিল
লঠঙা শৰীৰ।
পাৰুল তুমিতো নহয়
আকাশৰ কজলা নীলা,
তথাপি তুমি মোৰ আপোন
আৰু স্বাধীন
আবেলি হেঙুল আকাশৰ
এখন ৰঙীন চিলা।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন