নামিছে জোনাক

মমৰ শিখাৰ দৰে
জ্বলে অনুভূতি ;
বাসনাৰ কেন্দ্ৰবিন্দুত
বিলীন হয়
উন্মাদ বসন্ত ;
তোমাৰ হাতত
হাতখন থওঁতে
জোনাক নামে মনলৈ
সুদূৰৰ তৰাত
বাঁহীৰ সুৰ শুনো ;
তৰাই তৰাই 
উলাহৰ বাতৰি 
সিঁচৰতি হল ;
প্রহৰে প্রহৰে
জাগ্ৰত দুচকুত
প্ৰভাতৰ স্বপ্ন ;
বিজুলী চমকেৰে
লাজুকী হাঁহি
তোমাৰ ওঁঠত ।

Premor Kobita Images -

Comments

Post a Comment

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন