এটি প্ৰেমৰ কবিতা
এখন নিচাৰ হোটেলত
অমিতাৰ টুকুৰাবোৰ মই আৰু তুমি চোবাইছিলা চেৰীফল ।
মই গিলাচত ঢালিছিলোঁ
তোমাৰ প্ৰেমৰ নিচিনা
গভীৰ নিচা।
বিচাৰিছিলোঁ বাহিৰত সময় হ'ক অনুৰ্বৰ।
কেৱল মই হব বিচাৰিছিলো তোমাৰ প্ৰেমেৰে উৰ্বৰ।
তোমাৰ চুলিৰ গভীৰত বাট হেৰুৱা নাছিলোঁ,
তোমাৰ চকুৰ জিলিকণীয়ে মোক পোৰা নাছিল,
তাৰ আগৰ ৰাতি মই সপোনত অঘৰীবোৰ দেখিছিলোঁ
যিবোৰে অতীতত বাস কৰিছিল আৰু
নামিছিল, মোৰ ভৱিষ্যতত ! ...
অমিতাৰ টুকুৰাবোৰ শেষ হৈছিল আৰু চেৰীবোৰো।
টেবুলখনত নামিছিল মৌনতা
খালি গিলাচত যি ৰৈছিল সেয়া ঠিক
অঘৰী এজনৰ ভাৱনা।
অমিতাৰ টুকুৰাবোৰ মই আৰু তুমি চোবাইছিলা চেৰীফল ।
মই গিলাচত ঢালিছিলোঁ
তোমাৰ প্ৰেমৰ নিচিনা
গভীৰ নিচা।
বিচাৰিছিলোঁ বাহিৰত সময় হ'ক অনুৰ্বৰ।
কেৱল মই হব বিচাৰিছিলো তোমাৰ প্ৰেমেৰে উৰ্বৰ।
তোমাৰ চুলিৰ গভীৰত বাট হেৰুৱা নাছিলোঁ,
তোমাৰ চকুৰ জিলিকণীয়ে মোক পোৰা নাছিল,
তাৰ আগৰ ৰাতি মই সপোনত অঘৰীবোৰ দেখিছিলোঁ
যিবোৰে অতীতত বাস কৰিছিল আৰু
নামিছিল, মোৰ ভৱিষ্যতত ! ...
অমিতাৰ টুকুৰাবোৰ শেষ হৈছিল আৰু চেৰীবোৰো।
টেবুলখনত নামিছিল মৌনতা
খালি গিলাচত যি ৰৈছিল সেয়া ঠিক
অঘৰী এজনৰ ভাৱনা।
Awesome
ReplyDelete