ৰোমান্টিক
ক্ৰমে ক্ৰমে মই মৰি আহিব ধৰিছো জানা?
আজিকালি একোৱেই ভাল নলগা হল মোৰ :
আকাশ,জোনাক,নদী,গান। আনকি কবিতাও....
অথচ চোৱা, কবিতা-সন্ধ্যা বুলিলে উন্মাদ হৈ পৰাটো
ময়ে জানো নাছিলো ? সাগৰ-নিলাভ আকাশলৈ আঙুলিয়াই
ময়ে জানো তোমাক কোৱা নাছিলোঁ-
"চোৱা চোৱা,সৌ আকাশ ইমান বহল !
ইমান সৌন্দৰ্য্য ! তোমাৰ প্ৰেমতকৈও..."
জোনাকৰ স্নিগ্ধ কোমল ৰাতিবোৰত নদীৰ পাৰত বহি প্ৰথম
তুমিয়ে জানো উন্মাদিনী হৈ পাঠ কৰা নাছিলা মোৰ কবিতাবোৰ...
বৰফতকৈও অধিক শীতল হৈ পৰিছিল মোৰ প্ৰেমিক হৃদয়;
অথচ,আজিকালি একোৱেই ভাল নলগা হল মোৰ :
আকাশ,জোনাক,নদী,গান । আনকি কবিতাও.....
Premor Kobita Hd Images-

Comments
Post a Comment