এই নিৰিবিলিত

এই নিৰিবিলিত
স্ৰোতস্বিনী তোমাৰ যে সেউজীয়া গদ্যভূমি
আন্ধাৰ পোহৰৰ সহজলভ্য পাঠশালাত
বৰ্ণমালাৰ উত্থান।
মানুহৰ মাজতেই মানুহৰ পৃথিৱী।।
পদস্থলীত ৰুণুজুনু,
উজানৰ মাছ,বেলি বেলি লগা
তোমাৰ ওঁঠ, যৌৱনৰ গোন্ধ বাৰুকৈয়ে।।
সেই গতিৰেই সেই নৈ যে অতিক্রান্ত হয়
ছমাহ বছৰেকত তোমাৰ গধূলিত
ৰজনীগন্ধা সিঁচি।।
সন্ধ্যা অথবা ৰাতিৰ পানশালাত
জোনাকৰে গান...
গছ বিৰিখত সৰি পৰে ৰাতিৰ গোন্ধ....
তাৰপিছত দ্ৰুততৰে
মানুহবোৰ ব্যস্ত হৈ পৰে।।
বান্ধৈ আজি যে অভেদ্য প্ৰাচীৰ
বলুকাত মৃত মানুহৰ ছাঁ।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন