অনন্য প্ৰেম

তোমাৰ প্ৰেমৰ নামত মোৰ
সেউতাত আজি মই
নুবুলাওঁ মিলনৰ ৰঙা শাৰী
উকা হব মোৰ সেওতা
ইয়ে দিব আমাৰ ব্যৰ্থ
প্ৰেমৰ সুবাস বিলাই
ৰঙচুৱা বেলিটি
অসীমত হেৰুৱাৰ দৰে
মইয়ো নিজৰ মাজতে
হেৰাই যাম
অস্তিত্বও লোপ পাব অসীমত
লাহে লাহে মোৰ
প্রেম, প্ৰেম,প্ৰেম জানো
এনেকুৱা ?

Premor Kobita Images -

Comments

Post a Comment

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন