এবুকু দুখৰ স্মৃতি

দুখত পাৰ হৈ গল এটিকৈ যাযাবৰী নিশা
নিৰৱে আঁতৰি গল সকলো মোৰ কাষৰপৰা
নিথৰুৱা হৃদয়ৰ কথা কাৰ লগত বিনিময় কৰিম?
কাক মোৰ বুকুৰ কথা কম?
ইচাত-বিচাট কৰি এটি এটি ৰাতি
দুখবোৰ মনৰ মাজতে লৈ পাৰ কৰি দিলোঁ,
বুকুৰ উদং ঠাইত লৈ ফুৰিছোঁ মাথোঁ আশাৰ কিৰণ,
কল্পনাহীন হৈ উৰি ফুৰোতে মোৰ জীৱন হৈ পৰিল কল্পনাময়,
মাথোঁ মনৰ বুকুচাত লৈ ফুৰিছোঁ এবোজা ভাষাহীন যন্ত্ৰণা।
যন্ত্ৰণাত দগ্ধ মোৰ হৃদয়...
যাক ভালপাওঁ বুলি স্বীকাৰ কৰিব নোৱাৰোঁ
তোমাৰ ভালপোৱা,
এনেকৈ দহি শেষ হৈ গৈছে মোৰ হৃদয়,
নিসংগতাৰ মাজেৰে যাক ভালপাওঁ বুলি
স্বীকাৰ কৰিব নোৱাৰোঁ।

Premor Kobita Images -

Comments

Post a Comment

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন