নীৰৱতা
বাঁহীৰ মাতত
বেলৰ ফাটত
মৌৰ চাটত
আজিকালি তোমাৰ কণ্ঠ শুনো।
জোনাকী বাটত
কঁকালৰ ভাজত
পুতলা নাচত
আজিকালি তোমাৰ আগমনৰ বাতৰি পাওঁ।
মলিন ভাৱত
মলয়াৰ বানত
কুলিৰ কাণত
আজিকালি তোমাৰ লাজৰ উৰুনিখন দেখোঁ।
গছৰ ডালত
মকৰাৰ জালত
মই নিজানত
তোমাৰ সেই জটিলতাৰ উমান পাওঁ।
ৰজনী-প্ৰভাতত
মোৰ প্ৰাণত
স্তব্ধ নিশাহত
মোৰ সেই নিলগতাৰ উমান পাওঁ।
Premor Kobita Images -
বেলৰ ফাটত
মৌৰ চাটত
আজিকালি তোমাৰ কণ্ঠ শুনো।
জোনাকী বাটত
কঁকালৰ ভাজত
পুতলা নাচত
আজিকালি তোমাৰ আগমনৰ বাতৰি পাওঁ।
মলিন ভাৱত
মলয়াৰ বানত
কুলিৰ কাণত
আজিকালি তোমাৰ লাজৰ উৰুনিখন দেখোঁ।
গছৰ ডালত
মকৰাৰ জালত
মই নিজানত
তোমাৰ সেই জটিলতাৰ উমান পাওঁ।
ৰজনী-প্ৰভাতত
মোৰ প্ৰাণত
স্তব্ধ নিশাহত
মোৰ সেই নিলগতাৰ উমান পাওঁ।
Premor Kobita Images -
Comments
Post a Comment