চকুলো
বৈ যাবলৈ দিয়া
দুচকুৰে বৈ থকা নৈখনি
দুখ নিদিবা তুমি
হৃদয়ৰ সমস্ত ভাঙি মোহাৰি।
ৰিঙিয়াই ৰিঙিয়াই মাতে আজি
তোমাৰ দুবাহুৰ উমাল সান্নিধ্যই
কত যে বেদনাৰ মাজত স্মৃতিৰ জোৱাৰ
একমাত্ৰ মোৰ জীৱন বাসনা
তুমি পাহৰি গলা ?
তোমাৰ দুটি জীপাল উঠেৰে
বিধ্বস্ত কৰা সেউজীয়া পথাৰৰ
প্ৰথম বৰষুণজাকৰ কথা ।
মোক দুখ নিদিবা তুমি
পাৰ ভাঙি বৈ যাব
তোমাৰ উমাল পৰশ বিচাৰি।
হেৰাই যাব চিৰদিনৰ বাবে
সমুদ্ৰৰ বিশালতাত অথবা
শূন্যতাৰ গভীৰতাত ।
Premor Kobita Images -
দুচকুৰে বৈ থকা নৈখনি
দুখ নিদিবা তুমি
হৃদয়ৰ সমস্ত ভাঙি মোহাৰি।
ৰিঙিয়াই ৰিঙিয়াই মাতে আজি
তোমাৰ দুবাহুৰ উমাল সান্নিধ্যই
কত যে বেদনাৰ মাজত স্মৃতিৰ জোৱাৰ
একমাত্ৰ মোৰ জীৱন বাসনা
তুমি পাহৰি গলা ?
তোমাৰ দুটি জীপাল উঠেৰে
বিধ্বস্ত কৰা সেউজীয়া পথাৰৰ
প্ৰথম বৰষুণজাকৰ কথা ।
মোক দুখ নিদিবা তুমি
পাৰ ভাঙি বৈ যাব
তোমাৰ উমাল পৰশ বিচাৰি।
হেৰাই যাব চিৰদিনৰ বাবে
সমুদ্ৰৰ বিশালতাত অথবা
শূন্যতাৰ গভীৰতাত ।
Premor Kobita Images -
Heart touching
ReplyDeleteSame as my situation
ReplyDelete