চুই যোৱা শৰৎ
মোৰ আমন্তণত
আহিনৰ ৰ'দ এচেৰেঙা
মোৰ হৃদয়ৰ খিৰিকী খুলি
সোমাই আহিল
এডৰা সুগন্ধি সুবাস
মোৰ ফুলশয্যাৰ নিশা
টোপনিৰ ভয়ত
পলাই ফুৰিছে নিয়ৰ
শেৱালিয়ে চুইছে
মোৰ দেহ ৰো মন
এক কঠিন নির্ভয়তা
নিষ্পাপ নির্ভয়তা
আন্ধাৰ গৰকি সোমাই আহে
দহখন হাতৰ অভয়ৰ মুদ্ৰা
মোৰ হৃদয়ৰ আন্ধাৰ কোঠাত
কোনে জানো সজাই থৈ গ'ল
শাৰদীয় ফুল এথোপা।
Premor Kobita Images -
আহিনৰ ৰ'দ এচেৰেঙা
মোৰ হৃদয়ৰ খিৰিকী খুলি
সোমাই আহিল
এডৰা সুগন্ধি সুবাস
মোৰ ফুলশয্যাৰ নিশা
টোপনিৰ ভয়ত
পলাই ফুৰিছে নিয়ৰ
শেৱালিয়ে চুইছে
মোৰ দেহ ৰো মন
এক কঠিন নির্ভয়তা
নিষ্পাপ নির্ভয়তা
আন্ধাৰ গৰকি সোমাই আহে
দহখন হাতৰ অভয়ৰ মুদ্ৰা
মোৰ হৃদয়ৰ আন্ধাৰ কোঠাত
কোনে জানো সজাই থৈ গ'ল
শাৰদীয় ফুল এথোপা।
Premor Kobita Images -
Comments
Post a Comment