জয় আই অসম

আমাক
নতুন দিনৰ প্ৰতিশ্ৰুতি নালাগে,
বিশালতাৰ সেই গৰিমা নালাগে,
শোণিতৰ বহুৰঙী স্বপ্ন নালাগে,
অলংঘ্য প্ৰাচীৰ ভাঙিঅনা সেই 
নাগৰিকত্ব সংশোধনী আইন নালাগে ।
অবিৰত সংগ্ৰাম
নৱ প্ৰজন্মৰ বিদ্বেষ ভাব
নিষ্পেষিতৰ দাবাগ্নি জ্বলিছে জননী,
শোষিত জনতা
অন্তৰত নিৰ্ভীকতা
মৃত্যুঞ্জয়ী নিনাদ শুনিছানে শুনানি ?
অন্তহীন পথৰ দৃঢ়মনা যুঁজাৰু আমি
অসমীয়াৰ গীত গাই যাম
অহিংসাই যুঁজিম
অধিকাৰ কাঢ়িম
"জয় আই অসম" ধ্বনিৰে যুদ্ধ জিনিম ।

Premor Kobita Hd Images-


Comments

Post a Comment

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন