স্বর্ণাভ পৃষ্ঠা
সৃষ্টিৰ জীপাল বিশাল প্ৰাংগণত
তেজাল অনুভৱবোৰ
তিৰ্ বিৰ্ চিক্ মিক্ জোনাক হৈ
মধুময় সুৰভি সিঁচিছে।
সোঁৱৰণীৰ স্বর্ণাভ পৃষ্ঠাত
গৰিমাৰ সৌধত বর্ণিত হৈছে
ভাস্বৰ মহাজীৱনৰ অংশীদাৰ
কীৰ্তিৰে দীপ্তিমন্তৰ প্ৰতিচ্ছবি।
অন্তৰীক্ষত আলোক সুধাৰ
সন্ধানত নিৰন্তৰ আগুৱাই
উদাৰ ভাৱৰ মহামেল
আয়োজন উৎসৱৰ
মুক্তাক্ষৰা লগ্ন সমাগত
হবলৈ এতিয়াও বাকী
অনন্ত প্ৰহৰ
হিৰন্ময় ঐতিহ্যৰ ধ্বজবাহকৰ
মৃদুমধুৰ গুঞ্জনত
প্ৰাণ পাই উঠক
ৰামধেনু বুলীয়া ইপ্সিত সম্ভাৰ ।
Premor Kobita Hd Images-
তেজাল অনুভৱবোৰ
তিৰ্ বিৰ্ চিক্ মিক্ জোনাক হৈ
মধুময় সুৰভি সিঁচিছে।
সোঁৱৰণীৰ স্বর্ণাভ পৃষ্ঠাত
গৰিমাৰ সৌধত বর্ণিত হৈছে
ভাস্বৰ মহাজীৱনৰ অংশীদাৰ
কীৰ্তিৰে দীপ্তিমন্তৰ প্ৰতিচ্ছবি।
অন্তৰীক্ষত আলোক সুধাৰ
সন্ধানত নিৰন্তৰ আগুৱাই
উদাৰ ভাৱৰ মহামেল
আয়োজন উৎসৱৰ
মুক্তাক্ষৰা লগ্ন সমাগত
হবলৈ এতিয়াও বাকী
অনন্ত প্ৰহৰ
হিৰন্ময় ঐতিহ্যৰ ধ্বজবাহকৰ
মৃদুমধুৰ গুঞ্জনত
প্ৰাণ পাই উঠক
ৰামধেনু বুলীয়া ইপ্সিত সম্ভাৰ ।
Premor Kobita Hd Images-
Comments
Post a Comment