একেদৰেই আছো
তোমাৰ সৈতে,
তোমাৰ অবিহনে থাকিবলৈ লোৱাৰ পৰা
মই মোক হেৰুৱাইছো...
বন্ধ্যা সময়ৰ সপোনবোৰ লিৰিকী-বিদাৰি....
আকাশৰ শেষ সীমা চুই
চাম যেন সপোন এটা বুকুত গুজি
সেইযে এদিন অঘৰী হৈছিলোঁ,
এতিয়া সকলোতে
তোমাৰ অপ্ৰাপ্তিৰ দুপৰীয়াৰ সৈতে
মোৰ অনিদ্ৰাৰ নিশাবোৰৰ সহবাসৰ খবৰ,
জীৱন এটা অৰ্থ নহয়
বুলি কিছুমান নষ্ট পৰিক্ৰমাৰে
কেনেকৈ যে সজাই লৈছিলো
মই নিৰ্জন আবেলিবোৰকো।
তুমি মোক ভালপোৱাৰ জোখাৰে
নিজকে সজাইছিলোঁ নিজ দাপোনত,
শূন্যতাৰ জোঙা বেদনা এটাই
অহৰহ বিন্ধি থাকে মোক...
মইয়ো নিজকে সলনি কৰিম
অবিহনে,এনেকৈয়ে...
ঠিক এনেকৈয়ে
তোমাৰ আশাত চিৰদিন ৰম
বিশৃংখল ৰাতিবোৰতো.............।।
তোমাৰ অবিহনে থাকিবলৈ লোৱাৰ পৰা
মই মোক হেৰুৱাইছো...
বন্ধ্যা সময়ৰ সপোনবোৰ লিৰিকী-বিদাৰি....
আকাশৰ শেষ সীমা চুই
চাম যেন সপোন এটা বুকুত গুজি
সেইযে এদিন অঘৰী হৈছিলোঁ,
এতিয়া সকলোতে
তোমাৰ অপ্ৰাপ্তিৰ দুপৰীয়াৰ সৈতে
মোৰ অনিদ্ৰাৰ নিশাবোৰৰ সহবাসৰ খবৰ,
জীৱন এটা অৰ্থ নহয়
বুলি কিছুমান নষ্ট পৰিক্ৰমাৰে
কেনেকৈ যে সজাই লৈছিলো
মই নিৰ্জন আবেলিবোৰকো।
তুমি মোক ভালপোৱাৰ জোখাৰে
নিজকে সজাইছিলোঁ নিজ দাপোনত,
শূন্যতাৰ জোঙা বেদনা এটাই
অহৰহ বিন্ধি থাকে মোক...
মইয়ো নিজকে সলনি কৰিম
অবিহনে,এনেকৈয়ে...
ঠিক এনেকৈয়ে
তোমাৰ আশাত চিৰদিন ৰম
বিশৃংখল ৰাতিবোৰতো.............।।
Comments
Post a Comment