বৃন্দাবন
বৃন্দাবন,আছেনে তুমি মোৰ
মনৰ চোতালত,
স্নিগ্ধ জোনাকৰ তলত।
মনে মনে ভাবো,
তুমি চাগে আছা
সেই ক্ষণতেই,
নিয়ৰৰ মুকুতা জিলিকা দুবৰিত
মোৰ স্বপ্ননীল আকাশত
এটি জোনবাই হৈ ।
অন্তহীন জীৱন ,তুমাকেই দিলোঁ
সপোনবোৰ সকলো
তুমাকেই সপিলোঁ ।
বৃন্দাবন তোমাৰ হাঁহিতেই ফুলি উঠে
হাজাৰ পাহ ফুল,
তুমি কথা কলেই ফুটি উঠে
সংগীতৰ মধুৰ মূৰ্চ্ছনা ।
জীৱনৰ বুজা নুবুজাৰ অভিনয়ৰ
মাজত থাকি আজি
তোমাৰ কথাকেই ভাবো ।
বিচাৰো তোমাক জীৱনৰ অন্তিম ক্ষণতো
তুমিয়েই কাষত থকাটো,
তুমিয়েই মোৰ আদি অনাদি
মায়াপি জোনাকৰ যাদু
মাথোঁ তুমি আজিও মোৰ
আৰু সদায়েই মোৰ ।
Premor Kobita Hd Images-
মনৰ চোতালত,
স্নিগ্ধ জোনাকৰ তলত।
মনে মনে ভাবো,
তুমি চাগে আছা
সেই ক্ষণতেই,
নিয়ৰৰ মুকুতা জিলিকা দুবৰিত
মোৰ স্বপ্ননীল আকাশত
এটি জোনবাই হৈ ।
অন্তহীন জীৱন ,তুমাকেই দিলোঁ
সপোনবোৰ সকলো
তুমাকেই সপিলোঁ ।
বৃন্দাবন তোমাৰ হাঁহিতেই ফুলি উঠে
হাজাৰ পাহ ফুল,
তুমি কথা কলেই ফুটি উঠে
সংগীতৰ মধুৰ মূৰ্চ্ছনা ।
জীৱনৰ বুজা নুবুজাৰ অভিনয়ৰ
মাজত থাকি আজি
তোমাৰ কথাকেই ভাবো ।
বিচাৰো তোমাক জীৱনৰ অন্তিম ক্ষণতো
তুমিয়েই কাষত থকাটো,
তুমিয়েই মোৰ আদি অনাদি
মায়াপি জোনাকৰ যাদু
মাথোঁ তুমি আজিও মোৰ
আৰু সদায়েই মোৰ ।
Premor Kobita Hd Images-
Comments
Post a Comment