বিষাদ
অ মোৰ নৈপৰীয়া গংগাচিলনি
বাৰিষাৰ উৰুষা চালৰ নিঃকিন কবিক
কিহেৰেনো জনাবা সম্ভাষণ
দুখৰ ভোজগৰা অথবা
দুখৰ ফটিকা এবাটি
চতুদিশে নিমাও মাও
জয়াল সন্ধিয়া,
যৌৱনৰ ত্রিশটা বসন্তত অবৈধভাৱে
দুষ্পাপ্য বহুবোৰ উজাগৰী ৰাতি
চিগাৰেটত অগ্নিসংযোগেৰে
এন্ধাৰৰ সতে দুৰ্নিবাৰ সংগ্ৰাম
জোনবাই দেশত নিলামত প্ৰতিদিনে
হিয়াৰ অবাধ বেচা কিনা
চিঞৰি চিঞৰি এজনে
ঘোষণা কৰে
এইখন মানুহৰ দেশ
মানুহৰ বৰ্বৰতাত নিহত ভনীজনীৰ দুখত
আইৰ চকুত জমা হয় বাৰিষাৰ মেঘ
ৰাজপথত ডেকা গাভৰুৰ তেজৰ নদীত
ঘৰীয়ালৰ তাণ্ডৱ নৃত্যৰ আখৰা
তথাপিটো কৃষক পিতাৰ পৈণত হাতৰ ঠিকনাত
হালি-খেতিডৰা লহপহকৈয়ে বাঢ়ে ,
অ মোৰ নৈপৰীয়া গংগাচিলনি
কিয় জানো আজি গান্ধীৰ পুতলা কেইটাই
অজানিতে কবিক বৰকৈ আমনি কৰে
আহিব নেকি বাৰু এছাটি মলয়া
যত থাকিব সুখ,শান্তি আৰু
মানৱৰ ঐক্যতাল.....।
Premor Kobita Hd Images-
বাৰিষাৰ উৰুষা চালৰ নিঃকিন কবিক
কিহেৰেনো জনাবা সম্ভাষণ
দুখৰ ভোজগৰা অথবা
দুখৰ ফটিকা এবাটি
চতুদিশে নিমাও মাও
জয়াল সন্ধিয়া,
যৌৱনৰ ত্রিশটা বসন্তত অবৈধভাৱে
দুষ্পাপ্য বহুবোৰ উজাগৰী ৰাতি
চিগাৰেটত অগ্নিসংযোগেৰে
এন্ধাৰৰ সতে দুৰ্নিবাৰ সংগ্ৰাম
জোনবাই দেশত নিলামত প্ৰতিদিনে
হিয়াৰ অবাধ বেচা কিনা
চিঞৰি চিঞৰি এজনে
ঘোষণা কৰে
এইখন মানুহৰ দেশ
মানুহৰ বৰ্বৰতাত নিহত ভনীজনীৰ দুখত
আইৰ চকুত জমা হয় বাৰিষাৰ মেঘ
ৰাজপথত ডেকা গাভৰুৰ তেজৰ নদীত
ঘৰীয়ালৰ তাণ্ডৱ নৃত্যৰ আখৰা
তথাপিটো কৃষক পিতাৰ পৈণত হাতৰ ঠিকনাত
হালি-খেতিডৰা লহপহকৈয়ে বাঢ়ে ,
অ মোৰ নৈপৰীয়া গংগাচিলনি
কিয় জানো আজি গান্ধীৰ পুতলা কেইটাই
অজানিতে কবিক বৰকৈ আমনি কৰে
আহিব নেকি বাৰু এছাটি মলয়া
যত থাকিব সুখ,শান্তি আৰু
মানৱৰ ঐক্যতাল.....।
Premor Kobita Hd Images-
Comments
Post a Comment