কাঞ্চন

বাহু মেলিছে মোৰ 
শোণীমা কুমলীয়া পাহিটিয়ে
প্ৰভঞ্জনত লৰিছে লাহী দেহা,
হাউলিছে কুঞ্জলক মোৰ
আজিৰ অভিমান কাইলৈৰ আশা,
মৰহিম এদিন ময়ো
চিৰদিন নাথাকে এই ৰমণীয় গোন্ধ
ফুলিব দিয়া মোক 
কলিতেই নলগাবা লাঞ্ছন ঐ কাঞ্চন ।

Premor Kobita Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন