বাজনা

হিয়াৰ কঁপনি তুলি
মিলনৰ সুৰ বাজি
ফুঁৱাইছে নিফুট বাঁহী
সূৰুঙাই উজ্বলে বেলি ,

জোকাৰি ফুলৰ পাহি
ফুলৰ কুসুম গাঁঠি
আকুল প্রাণত আঁৰি
বজাইছে বীণ আজি,

পোৱাতেই ডেউকা মেলি
চেনেহী সঁফুৰা পিন্ধি
মনৰ নাওখনি খুলি
চাপৰ মাৰি উৰাই ধূলি,

বগলী পাখিৰে আঁকি
এটুপি নিয়ৰৰ পানী
কুঁহিপাতৰ লাজ দেখি
গগনাও ফুটে উঠি,

বসন্তৰ মলয়া লাগি
উতলা যৌৱন জাগি
বুকুত উজান তুলি
পেঁপা বজাই আঁঠুকাঢ়ি।

Love Poetry Images-


Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন