নতুন

কিন কিন বৰষুণত শীতৰ পৰশ পাই
বুঢ়া সোণাৰুৰ কুঁহিপাত ওলাব
সানিব জীৱনৰ তেজাল ৰং পাতত,

চোকা দাঁতৰ কুট কূটনি আতঁৰিব
একেডাল লেজুৰে শিৰোধানটি সাজিব
সপোনত গাব যৌৱনৰ মুক্ত গান পুনৰ ।

চিলাত প্ৰাণপাব বতাহী পখিলাই মোৰ
কৃষ্ণচূড়া হৈ ফুলিব গছৰ ডালত
আগলি পাতত বহি ফুটুকীয়া সাজ পিন্ধি
লাজৰ উৰুণী লব হিয়া ভৰা বাঁহীৰ মাতত ।

Premor Kobita Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন