নিৰাশা
এটুকুৰা দুটুকুৰা ভগা-ছিগা ডাৱৰ
আন্ধাৰৰ মাজত সেয়া জোনৰ আশ্ৰয়,
জোনাকীয়ে বিচাৰিছে পুৰণি পৃথিৱী
হতাশাত ভুগিছে আজি মানৱৰ এপিঠি,
আৱিষ্কাৰৰ নগ্নতাই আনিছে বলিয়া বতাহজাকি
উৰুৱালে দিগন্তলৈ আয়ুসৰ চুলি,
ক'ত আজি তোমাৰ সেই সোৱদী বাণী
সমগ্ৰ জনতা আজি বিপ্লৱৰ গতিত,
জিলিকিছে আন্ধাৰত সৌৱা বগাদাঁত পাৰি
অত্যহাস্য কৰিছে কোনোৱে বিকৃত চিঞৰ মাৰি ।
Assamese poetry Images-
আন্ধাৰৰ মাজত সেয়া জোনৰ আশ্ৰয়,
জোনাকীয়ে বিচাৰিছে পুৰণি পৃথিৱী
হতাশাত ভুগিছে আজি মানৱৰ এপিঠি,
আৱিষ্কাৰৰ নগ্নতাই আনিছে বলিয়া বতাহজাকি
উৰুৱালে দিগন্তলৈ আয়ুসৰ চুলি,
ক'ত আজি তোমাৰ সেই সোৱদী বাণী
সমগ্ৰ জনতা আজি বিপ্লৱৰ গতিত,
জিলিকিছে আন্ধাৰত সৌৱা বগাদাঁত পাৰি
অত্যহাস্য কৰিছে কোনোৱে বিকৃত চিঞৰ মাৰি ।
Assamese poetry Images-
Comments
Post a Comment