Skip to main content
যুগজিতা বান্ধোন
সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি
হিমযেন মলয়া বুকুৰ
নন্দনবনত ফুলা কুসুমৰ কলিযেন
উৰ্বশীৰ জেউতি চকুত ।
স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন
ইন্দ্ৰধনু মোৰ আপোন
পলাশত ফুটি উঠা এটুপাল মৌ যেন
উন্মনা ৰূপহী তৰুণ ।
অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি
প্ৰগতিত আমাৰ সপোন
ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে
যুগজিতা এই বান্ধোন ।
Nice article post !!! For various historical Indian events Click Here For Visit this Site thanks ....
ReplyDelete