Posts

Showing posts from January, 2020

ৰামধেনু

Image
তুমি যেতিয়া নিঃসংগতাক সাবটিবা মই শব্দ হৈ পৰশিম…….  উদাসীনতাৰ এবুকু নীৰৱতা সিঁচি দিম তোমাৰ চৌপাশত, মনৰ পজাটো ভাগি চৰাই উৰি গল….  নীল গগনৰ সীমনালৈ,  সপোনৰ পজাতি সাজি, আশাঁৰ ৰেঙণি আঁকি.. ৰামধেণুৰ সাতৰঙীণ এখনি ধুনিয়া চবি। Premor Kobita Images -

জোনবিৰি

Image
মই সময় হৈ যাওঁ তুমি এটি ক্ষণ হোৱা, মই তোমাৰ মাজত হেৰাই যাওঁ তুমি মোৰ মাজত হেৰাই যোৱা। যদি সফল হয় বুকুত সাঁচি ৰখা এটি আশা মোৰ অনুমতি নোলোৱাকৈয়ে যদি তুমি আহি সাবটি লোৱা সুগন্ধি হৈ তোমাৰ উশাহত বিয়পি পৰিম প্ৰশান্তি হৈ তোমাৰ হৃদয় পৰশিম…. দুচকু মুদি অনুভৱ কৰাচোন আঁতৰত থাকিও তোমাৰ দুচকুত ভাহিম….. Premor Kobita Images -

অনুপম এইবেলি

Image
ধুৱলী কুঁৱলীত  এই চাদৰখনে চৌদিশে ডেউকা মেলিছে আৱৰি ধৰিছে  শীতৰে সেমেকা সেউজিবোৰৰ কঁপনি উঠিছে হেৰাইছা তুমিও হাত মেলিও পোৱা নাই স্মৃতিবোৰ আজি শূন্য পাইছোঁ মাথোঁ পাৰিজাত তুমি মেলি থোৱা কেশৰৰ গোন্ধ । Premor Kobita Images -

অনুভৱ

Image
অনুভৱ আজি মোৰ মই আতঁৰিলে যদি তোমাৰ জীৱনলৈ                  সুবাস আহে !  গান হৈ নিগৰে              ওঠৰ ভাষা  ন-সপোন ওমলে              হিয়াৰ পাহিত, গুচি যাম মই পৃথিবীৰ শেষ সিমালৈ যন্ত্ৰনাৰ কোলাহলেৰে ভৰা               এখন জীৰ্ণ ৰেলত উঠি!  দুহাতৰ মুঠিত লৈ                 তোমাৰ স্মৃতিৰ পাপৰি….. Premor Kobita Images -

চিঠি - ৩০

Image
কেতিয়াবা জীৱনৰ নিৰৱ মুহূৰ্তত                        মোকো মনত পেলাবা  সংগোপনে অহা সপোনত                        মোৰো ছবি বনাবা  মই যেতিয়া সুধিম                      তোমাৰ কুমলীয়া মনটোৰ কথা তোমাৰ হৃদয়ৰ দ্ৰুতবেগী স্পন্দন                        মোকো জোৰকৰি শুনাবা । Premor Kobita Images -

চিঠি - ২৯

Image
দুৰ্য্য নিশা প্ৰবল ধুমুহাত হাতে হাত ধৰিম, যদি বৰষুণ আহে একেলগে তিতিম, দুখ আহক বা সুখ মৃত্যুৰ পাছতো  আন্ধাৰত মই জোনাকী পৰুৱা হৈ বেদনা কাঢ়িম ।  Premor Kobita Images -

চিঠি - ২৮

Image
শীতল সুৰে ঢৌ তুলি সৌ সিপাৰৰ সাগৰত অজিছোন বীনখনী বাজিছে দৰদী মাতেৰে কোনোবাই  অ' তোমাকে হাতবাউলি মাতিছে । Premor Kobita Images -

চিঠি ২৭

Image
     সুখৰ চকুপানীক ৰব নিদিবা  দুখৰ চকুপানী বব নিদিবা      জীৱন দুদিনীয়া সবে জানে সেয়েহে এই সুন্দৰ বন্ধুত্ব        ভাঙি যাব নিদিবা ।

চিঠি ২৬

Image
এটা চৰাইৰ মাতত বসন্ত অহা হ’লে ! তাইৰ লাহী ডেউকাই কুঁৱলী আঁতৰাব পৰা হ’লে ! Premor Kobita Images -

চিঠি -২৫

Image
স্তব্ধ মোৰ শব্দ দগ্ধ স্নিগ্ধ হৃদয় গুপ্ত এই স্পৰ্শ গ্ৰস্ত দুটি নয়ন । Premor kobita images-

চিঠি ২৪

Image
পুৱতি পুৱাতে আঘোণৰ ৰ'দটি ওলাইছে ক'ত কাঁচিখন লৈ ? ঠেঁটুৱৈ ধৰা প্ৰভাতী হিমযেন কুঁৱলী পৰিছে ক'ত শীতমাহ হৈ ? সোণগুটি জোকা অলসোৱা দেহা পিঠাসনা বোকা সানিছাঁ ক'ত মতলীয়া হৈ ? Premor Kobita Images-

চিঠি - ২৩

Image
কাম্য মোৰ মাতৃৰ চৰণ                   ধুৱাই নিয়া গংগা যমুনাৰ পবিত্ৰ ধাৰা মোৰ আহ্বান ডেউকা কোবাই উৰি যোৱা বিহগীৰ                    সুৱদি চৰাই । Premor kobita Image-

চিঠি - ২২

Image
ফাগুন আহে পছোৱা বলে লুইতৰ বুকুত ঝাওবন হালে মদাৰে আজাৰে বেজাৰ কৰে লঠঙা সাজেৰে কেনেকৈ নাচে । Premor Kobita Images-

চিঠি ২১

Image
শক্তি আৰু সামৰ্থ্য মোৰ              হৃদয়ত আছিল যিমান, কৰিছিলোঁ শ্ৰম ফুলনিত             হয়তো নুফুলিল সিমান । Premor Kobita Hd Images -

অস্তিত্ব

Image
মনবোৰ মলয়াত উৰি যোৱা হলে      তেজসনা কলিজাটো কুঁহিপাত ওলোৱা হলে চকুপানীৰ চিয়াঁহীত সাঁতুৰিব পৰা হলে     বিৰহৰ ৰাতিটো অন্ধকাৰ নোহোৱা হলে  ময়ো থাকিলোঁ হেতেন      বিৰিখৰ ডালে ডালে            কুলিৰ মাতে মাতে ।  Premor Kobita Hd Photos -

বসন্ত

Image
ই যেন হেঁপাহৰ মিঠা সপোন  ঠাণ্ডা মলয়াত ভাঁহি অহা এটা হেমন্ত তুলিকাৰ বুলনিত ফুটি উঠা বিচিত্ৰ চুই চাম যেন দিগন্ত পুলক প্ৰফুল্ল মনেৰে প্ৰেমিকাৰ ওঁঠৰ মদাৰ গছত বহি কুলি হালে কবিতা লিখে আকৌ আহ ঐ বসন্ত । Premor Kobita Hd Images  -

বিষাদ

Image
অ মোৰ নৈপৰীয়া গংগাচিলনি বাৰিষাৰ উৰুষা চালৰ নিঃকিন কবিক কিহেৰেনো জনাবা সম্ভাষণ দুখৰ ভোজগৰা অথবা দুখৰ ফটিকা এবাটি চতুদিশে নিমাও মাও জয়াল সন্ধিয়া, যৌৱনৰ ত্রিশটা বসন্তত অবৈধভাৱে দুষ্পাপ্য বহুবোৰ উজাগৰী ৰাতি চিগাৰেটত অগ্নিসংযোগেৰে এন্ধাৰৰ সতে দুৰ্নিবাৰ সংগ্ৰাম জোনবাই দেশত নিলামত প্ৰতিদিনে হিয়াৰ অবাধ বেচা কিনা চিঞৰি চিঞৰি এজনে ঘোষণা কৰে এইখন মানুহৰ দেশ মানুহৰ বৰ্বৰতাত নিহত ভনীজনীৰ দুখত আইৰ চকুত জমা হয় বাৰিষাৰ মেঘ ৰাজপথত ডেকা গাভৰুৰ তেজৰ নদীত ঘৰীয়ালৰ তাণ্ডৱ নৃত্যৰ আখৰা তথাপিটো কৃষক পিতাৰ পৈণত হাতৰ ঠিকনাত হালি-খেতিডৰা লহপহকৈয়ে বাঢ়ে , অ মোৰ নৈপৰীয়া গংগাচিলনি কিয় জানো আজি গান্ধীৰ পুতলা কেইটাই  অজানিতে কবিক বৰকৈ আমনি কৰে আহিব নেকি বাৰু এছাটি মলয়া যত থাকিব সুখ,শান্তি আৰু মানৱৰ ঐক্যতাল.....। Premor Kobita Hd Images-