Posts

Showing posts from December, 2019

বৃন্দাবন

Image
বৃন্দাবন,আছেনে তুমি মোৰ মনৰ চোতালত, স্নিগ্ধ জোনাকৰ তলত।  মনে মনে ভাবো, তুমি চাগে আছা সেই ক্ষণতেই, নিয়ৰৰ মুকুতা জিলিকা দুবৰিত মোৰ স্বপ্ননীল আকাশত এটি জোনবাই হৈ । অন্তহীন জীৱন ,তুমাকেই দিলোঁ সপোনবোৰ সকলো তুমাকেই সপিলোঁ । বৃন্দাবন তোমাৰ হাঁহিতেই ফুলি উঠে হাজাৰ পাহ ফুল, তুমি কথা কলেই ফুটি উঠে সংগীতৰ মধুৰ মূৰ্চ্ছনা । জীৱনৰ বুজা নুবুজাৰ অভিনয়ৰ মাজত থাকি আজি তোমাৰ কথাকেই ভাবো । বিচাৰো তোমাক জীৱনৰ অন্তিম ক্ষণতো তুমিয়েই কাষত থকাটো, তুমিয়েই মোৰ আদি অনাদি মায়াপি জোনাকৰ যাদু মাথোঁ তুমি আজিও মোৰ আৰু সদায়েই মোৰ । Premor Kobita Hd Images-

একেদৰেই আছো

Image
তোমাৰ সৈতে, তোমাৰ অবিহনে থাকিবলৈ লোৱাৰ পৰা মই মোক হেৰুৱাইছো... বন্ধ্যা সময়ৰ সপোনবোৰ লিৰিকী-বিদাৰি.... আকাশৰ শেষ সীমা চুই  চাম যেন সপোন এটা বুকুত গুজি সেইযে এদিন অঘৰী হৈছিলোঁ, এতিয়া সকলোতে তোমাৰ অপ্ৰাপ্তিৰ দুপৰীয়াৰ সৈতে মোৰ অনিদ্ৰাৰ নিশাবোৰৰ সহবাসৰ খবৰ, জীৱন এটা অৰ্থ নহয় বুলি কিছুমান নষ্ট পৰিক্ৰমাৰে কেনেকৈ যে সজাই লৈছিলো  মই নিৰ্জন আবেলিবোৰকো। তুমি মোক ভালপোৱাৰ জোখাৰে নিজকে সজাইছিলোঁ নিজ দাপোনত, শূন্যতাৰ জোঙা বেদনা এটাই অহৰহ বিন্ধি থাকে মোক... মইয়ো নিজকে সলনি কৰিম অবিহনে,এনেকৈয়ে... ঠিক এনেকৈয়ে তোমাৰ আশাত চিৰদিন ৰম বিশৃংখল ৰাতিবোৰতো.............।। Premor Kobita Hd Images-

স্বর্ণাভ পৃষ্ঠা

Image
সৃষ্টিৰ জীপাল বিশাল প্ৰাংগণত তেজাল অনুভৱবোৰ তিৰ‌্ বিৰ্ চিক্ মিক্ জোনাক হৈ মধুময় সুৰভি সিঁচিছে। সোঁৱৰণীৰ স্বর্ণাভ পৃষ্ঠাত গৰিমাৰ সৌধত বর্ণিত হৈছে ভাস্বৰ মহাজীৱনৰ অংশীদাৰ কীৰ্তিৰে দীপ্তিমন্তৰ প্ৰতিচ্ছবি। অন্তৰীক্ষত আলোক সুধাৰ সন্ধানত নিৰন্তৰ আগুৱাই উদাৰ ভাৱৰ মহামেল আয়োজন উৎসৱৰ মুক্তাক্ষৰা লগ্ন সমাগত হবলৈ এতিয়াও বাকী অনন্ত প্ৰহৰ হিৰন্ময় ঐতিহ্যৰ ধ্বজবাহকৰ মৃদুমধুৰ গুঞ্জনত প্ৰাণ পাই উঠক ৰামধেনু বুলীয়া ইপ্সিত সম্ভাৰ । Premor Kobita Hd Images-

নিয়তি

Image
একবিংশ শতিকাত লৈছো হাতত তুলি জীৱনৰ ভঙা বীণ কৰুণ কবিতা গীতত গাম নিমাত বিশ্বৰ সংগীহীন জীৱনৰ বীনখনেই মোৰ অমূল্য ধন বজাম ভগা বীণ উঠিব কৰুণ সুৰ  তাতেই হব মোৰ বেদনা দূৰ । Premor Kobita Hd Images-

অংকুৰ

Image
আনন্দৰ যত গৰিমা অতীত জীৱনৰ তত' কালিমা কথা কবলৈ মোৰ ভাষা নাই, তাইক আকৌ এবাৰ  স্পৰ্শ কৰিলোঁ অভিমানেৰে, অস্তগামী সুৰুযৰ ৰাঙলী আভাৰে উদ্ভাসিত তাইক চাই চাই যেন  হেঁপাহ নপলায়, আজিও অযুত হেঁপাহ নিভাঁজ মৰমৰ । Premor Kobita Hd Images-

দীপ-শিখা

Image
কালজয়ী সাধনাক বুকুত সাৱটি অন্তৰৰ কলুষ কালিমা  অসীম সাহসেৰে ধুই নিলা জ্ঞানৰ দীপ্তিৰে তোমাৰ, ৰঙৰ পোহাৰ মেলি আশাৰ ৰেঙনি তুলি নতুনে ভুমুকি মাৰিলে  ন গীত গাই পুনৰাই দীপ-শিখা জ্বলাই। Premor Kobita Hd Images-

জয় আই অসম

Image
আমাক নতুন দিনৰ প্ৰতিশ্ৰুতি নালাগে, বিশালতাৰ সেই গৰিমা নালাগে, শোণিতৰ বহুৰঙী স্বপ্ন নালাগে, অলংঘ্য প্ৰাচীৰ ভাঙিঅনা সেই  নাগৰিকত্ব সংশোধনী আইন নালাগে । অবিৰত সংগ্ৰাম নৱ প্ৰজন্মৰ বিদ্বেষ ভাব নিষ্পেষিতৰ দাবাগ্নি জ্বলিছে জননী, শোষিত জনতা অন্তৰত নিৰ্ভীকতা মৃত্যুঞ্জয়ী নিনাদ শুনিছানে শুনানি ? অন্তহীন পথৰ দৃঢ়মনা যুঁজাৰু আমি অসমীয়াৰ গীত গাই যাম অহিংসাই যুঁজিম অধিকাৰ কাঢ়িম "জয় আই অসম" ধ্বনিৰে যুদ্ধ জিনিম । Premor Kobita Hd Images-

চিঠি - ২০

Image
সপোনৰ ৰুৱা-কামি বুটা-বুটা তুলি যাবলৈ ওলালি যদি যা আক' নপঢ়ো আৰু তৰাফুলীয়া আকাশৰ বাতৰি ৰিহাৰ আঁচলত বান্ধি থোৱা অভিশপ্ত গধূলি । Premor Kobita Hd Images-

চিঠি - ১৯

Image
অবিৰাম গতি তাইৰ দুখ ভাগৰ নাই, মাথোঁ বৈ যায় সাগৰ ধিয়াই ।  ধুই নিয়ে তাই ধৰণীৰ ধূলি, তায়েই সেই চঞ্চলা গাভৰুজনী । Premor Kobita Hd Images-

চিঠি - ১৮

Image
যিজাক প্ৰেমাদ বৰষুণত তিতিব সেউজ শীতলটো যন্ত্ৰণাৰ সাগৰতো , যি সাঁকোয়েদি হৃদয় বগাব অচিনাকি ঘাটতো ধুমুহাৰ মাজতো। Premor Kobita Hd Images-

চিঠি -১৭

Image
আকাশৰ পিৰালিত                 ঢপলিয়াই ফুৰা সখী হৈ ওলমি থকা                 গুটিমালি তৰাই বহাগী বনত নৃত্য কৰে                    নেপূৰ বজাই শুকান পথাৰত বান আনে                       গাত-গা লগায়                   ঢোল গগনা বজায়। Premor Kobita Hd Images-

চিঠি-১৬

Image
মাজনী, ৰৈ ৰৈ বিনাই ৰাতি ফুৰা চৰাই বিৰিখত বিহগী ফুৰে অনাই বনাই গাভৰু কাঞ্চনমতী,কথাষাৰ শুন মাটি ফুটি ওলাইছে বনৰীয়া ফুল । Premor Kobita Hd Images-

মা

Image
মা তুমি অনন্ত       তোমাতেই জীৱন, মা তুমি বসন্ত        চুই যোৱা হৃদয়, তুমি বিন পৃথিৱী অৰ্থহীন       তুমি বিন আমি শব্দহীন সান্তনা দি উমলোৱা তুমি       যান্ত্ৰণা দি তোমাক সোধে                             কোন তুমি? কান্দোনত প্ৰথম শব্দ তুমি       বান্ধোনতো গুৰিধৰা তুমি। কোলা তোমাৰ টোপনি মোৰ            কষ্ট তোমাৰ হাঁহি মোৰ, সেয়ে তুমি জীৱনৰ প্ৰথম গুৰু        অন্য সকলো তোমাৰ মানত সৰু,  উৎসৰ্গিত সকলো চৰণত তযু           সেয়ে প্ৰথমে তোমাকে ভজো। Premor Kobita Hd Images-

নামিছে জোনাক

Image
মমৰ শিখাৰ দৰে জ্বলে অনুভূতি ; বাসনাৰ কেন্দ্ৰবিন্দুত বিলীন হয় উন্মাদ বসন্ত ; তোমাৰ হাতত হাতখন থওঁতে জোনাক নামে মনলৈ সুদূৰৰ তৰাত বাঁহীৰ সুৰ শুনো ; তৰাই তৰাই  উলাহৰ বাতৰি  সিঁচৰতি হল ; প্রহৰে প্রহৰে জাগ্ৰত দুচকুত প্ৰভাতৰ স্বপ্ন ; বিজুলী চমকেৰে লাজুকী হাঁহি তোমাৰ ওঁঠত । Premor Kobita Hd Images-

আশা যেন ভাষা

Image
জিৱনৰ এই শূণ্যতাৰ মাজত           সুখৰ সন্ধান বিচাৰি দৌৰি ফুৰো কিছুমান মৰীচিকা সদৃশ              আশাৰ পাছত। কিন্তু সেই আশা কেতিয়াও           বাস্তৱত পৰিণত নহয়।   এসময়ত ভাগৰি পৰো         এই মৰীচিকা সদৃশ আশাৰ                   পাছত দৌৰি দৌৰি।  যেনেদৰে বাৰিষাৰ প্ৰচণ্ড রূপ ধৰি থকা           নৈ খন খৰালি শান্ত হৈ পৰে, তেনেদৰে আমিও সোণৰ হৰিণ খেদি খেদি               এসময়ত ক্লান্ত হৈ পৰোঁ।     আৰু এসময়ত এনে লাগে যেন                    সকলো অৰ্থহীন। Premor Kobita Hd Images-