Posts

যুগজিতা বান্ধোন

Image
সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি হিমযেন মলয়া বুকুৰ  নন্দনবনত ফুলা কুসুমৰ কলিযেন উৰ্বশীৰ জেউতি চকুত । স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন ইন্দ্ৰধনু মোৰ আপোন পলাশত ফুটি উঠা এটুপাল মৌ যেন উন্মনা ৰূপহী তৰুণ । অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি প্ৰগতিত আমাৰ সপোন ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে যুগজিতা এই বান্ধোন ।

ঠিকনা

Image
গহীন আন্ধাৰ নিশা বাঁহীৰ সুৰ শুনি চঞ্চল মন ভাঁহি  উৰি গল কেনিবাদি পাৰ হৈ গভীৰ অৰণ্য । তেজৰঙা জবাপাহী দুবৰীত সৰি পৰি মোলান হাঁহি মাৰি গুচি গল কেনিবাদি তোমাৰেই ঠিকনা বিচাৰি । Love Poems -

শব্দৰ বিহু

Image
ওঁঠত ফুলিল হাঁহিৰ কপৌ দেখিলো পাৰত নৈৰ নাৱত ঢেঁকীৰ চাপত ঢোলৰ চেৱত মাকো আঁৰত জাপিৰ পাতত কুলিৰ ভাজত গামোচা মাতত মুগা গীতত বিহুৰ সাজত । Love poems-

বন্ধু

Image
পাহাৰীয়া বৰষুণ আগনিশাৰ গুণগুণ আঁঠুৱনী পানী নৰাণী ফালি চাইছিলো খান্দি ভেকুলীৰ ছাতি বুৰিল বেলি সপোন ভাগিল প্ৰান্তৰ হেঙুলীয়া মাটি স্বাৰ্থৰ শেষত বন্ধুত্বৰ আৰম্ভণি ... Love poetry photos-

বাজনা

Image
হিয়াৰ কঁপনি তুলি মিলনৰ সুৰ বাজি ফুঁৱাইছে নিফুট বাঁহী সূৰুঙাই উজ্বলে বেলি , জোকাৰি ফুলৰ পাহি ফুলৰ কুসুম গাঁঠি আকুল প্রাণত আঁৰি বজাইছে বীণ আজি, পোৱাতেই ডেউকা মেলি চেনেহী সঁফুৰা পিন্ধি মনৰ নাওখনি খুলি চাপৰ মাৰি উৰাই ধূলি, বগলী পাখিৰে আঁকি এটুপি নিয়ৰৰ পানী কুঁহিপাতৰ লাজ দেখি গগনাও ফুটে উঠি, বসন্তৰ মলয়া লাগি উতলা যৌৱন জাগি বুকুত উজান তুলি পেঁপা বজাই আঁঠুকাঢ়ি। Love Poetry Images-

নিৰাশা

Image
এটুকুৰা দুটুকুৰা ভগা-ছিগা ডাৱৰ আন্ধাৰৰ মাজত সেয়া জোনৰ আশ্ৰয়, জোনাকীয়ে বিচাৰিছে পুৰণি পৃথিৱী হতাশাত ভুগিছে আজি মানৱৰ এপিঠি, আৱিষ্কাৰৰ নগ্নতাই আনিছে বলিয়া বতাহজাকি উৰুৱালে দিগন্তলৈ আয়ুসৰ চুলি, ক'ত আজি তোমাৰ সেই সোৱদী বাণী সমগ্ৰ জনতা আজি বিপ্লৱৰ গতিত, জিলিকিছে আন্ধাৰত সৌৱা বগাদাঁত পাৰি অত্যহাস্য কৰিছে কোনোৱে বিকৃত চিঞৰ মাৰি । Assamese poetry Images-

নতুন

Image
কিন কিন বৰষুণত শীতৰ পৰশ পাই বুঢ়া সোণাৰুৰ কুঁহিপাত ওলাব সানিব জীৱনৰ তেজাল ৰং পাতত, চোকা দাঁতৰ কুট কূটনি আতঁৰিব একেডাল লেজুৰে শিৰোধানটি সাজিব সপোনত গাব যৌৱনৰ মুক্ত গান পুনৰ । চিলাত প্ৰাণপাব বতাহী পখিলাই মোৰ কৃষ্ণচূড়া হৈ ফুলিব গছৰ ডালত আগলি পাতত বহি ফুটুকীয়া সাজ পিন্ধি লাজৰ উৰুণী লব হিয়া ভৰা বাঁহীৰ মাতত । Premor Kobita Images-

হেঙুল

Image
এখন্তেক ৰোৱা,পিছফালে চোৱা উৰণীয়া কল্পনাৰ সপোন ৰেখাৰে ছবিখনি আঁকা উৰুঙা পজাত বহি উৰুকাৰ নিশা । কোৱাচোন শুনো,ফুলৰ ৰেণু উকা ফুলৰ গামোচাৰ কেনেকৈ পাতো তুমিয়ে কোৱা জোনবিৰিৰ ছবিটি আজি কেনেকৈ পাহৰো। Premor Kobita Images-

কাঞ্চন

Image
বাহু মেলিছে মোৰ  শোণীমা কুমলীয়া পাহিটিয়ে প্ৰভঞ্জনত লৰিছে লাহী দেহা, হাউলিছে কুঞ্জলক মোৰ আজিৰ অভিমান কাইলৈৰ আশা, মৰহিম এদিন ময়ো চিৰদিন নাথাকে এই ৰমণীয় গোন্ধ ফুলিব দিয়া মোক  কলিতেই নলগাবা লাঞ্ছন ঐ কাঞ্চন । Premor Kobita Images-

দিগন্ত

Image
মৰহা পাপৰি আজি ডাৱৰত আঁকো আহা, প্ৰহেলিকাৰ গাঁঠি খুলি নীলাখিনিও মচো, স্মৃতিৰ জোঁটখিনি ইয়াতে সজাও থাকি যোৱা মুকুটাৰে মালা গাঁঠি পেলাওঁ... যৌৱনৰ যমুনাত পাখি মাৰি উজাই, নতুনকৈ ৰং সানো গাত গা লগাই মথাউৰী বগাই ।।। Premor kobita Images-

ৰামধেনু

Image
তুমি যেতিয়া নিঃসংগতাক সাবটিবা মই শব্দ হৈ পৰশিম…….  উদাসীনতাৰ এবুকু নীৰৱতা সিঁচি দিম তোমাৰ চৌপাশত, মনৰ পজাটো ভাগি চৰাই উৰি গল….  নীল গগনৰ সীমনালৈ,  সপোনৰ পজাতি সাজি, আশাঁৰ ৰেঙণি আঁকি.. ৰামধেণুৰ সাতৰঙীণ এখনি ধুনিয়া চবি। Premor Kobita Images -

জোনবিৰি

Image
মই সময় হৈ যাওঁ তুমি এটি ক্ষণ হোৱা, মই তোমাৰ মাজত হেৰাই যাওঁ তুমি মোৰ মাজত হেৰাই যোৱা। যদি সফল হয় বুকুত সাঁচি ৰখা এটি আশা মোৰ অনুমতি নোলোৱাকৈয়ে যদি তুমি আহি সাবটি লোৱা সুগন্ধি হৈ তোমাৰ উশাহত বিয়পি পৰিম প্ৰশান্তি হৈ তোমাৰ হৃদয় পৰশিম…. দুচকু মুদি অনুভৱ কৰাচোন আঁতৰত থাকিও তোমাৰ দুচকুত ভাহিম….. Premor Kobita Images -

অনুপম এইবেলি

Image
ধুৱলী কুঁৱলীত  এই চাদৰখনে চৌদিশে ডেউকা মেলিছে আৱৰি ধৰিছে  শীতৰে সেমেকা সেউজিবোৰৰ কঁপনি উঠিছে হেৰাইছা তুমিও হাত মেলিও পোৱা নাই স্মৃতিবোৰ আজি শূন্য পাইছোঁ মাথোঁ পাৰিজাত তুমি মেলি থোৱা কেশৰৰ গোন্ধ । Premor Kobita Images -

অনুভৱ

Image
অনুভৱ আজি মোৰ মই আতঁৰিলে যদি তোমাৰ জীৱনলৈ                  সুবাস আহে !  গান হৈ নিগৰে              ওঠৰ ভাষা  ন-সপোন ওমলে              হিয়াৰ পাহিত, গুচি যাম মই পৃথিবীৰ শেষ সিমালৈ যন্ত্ৰনাৰ কোলাহলেৰে ভৰা               এখন জীৰ্ণ ৰেলত উঠি!  দুহাতৰ মুঠিত লৈ                 তোমাৰ স্মৃতিৰ পাপৰি….. Premor Kobita Images -

চিঠি - ৩০

Image
কেতিয়াবা জীৱনৰ নিৰৱ মুহূৰ্তত                        মোকো মনত পেলাবা  সংগোপনে অহা সপোনত                        মোৰো ছবি বনাবা  মই যেতিয়া সুধিম                      তোমাৰ কুমলীয়া মনটোৰ কথা তোমাৰ হৃদয়ৰ দ্ৰুতবেগী স্পন্দন                        মোকো জোৰকৰি শুনাবা । Premor Kobita Images -

চিঠি - ২৯

Image
দুৰ্য্য নিশা প্ৰবল ধুমুহাত হাতে হাত ধৰিম, যদি বৰষুণ আহে একেলগে তিতিম, দুখ আহক বা সুখ মৃত্যুৰ পাছতো  আন্ধাৰত মই জোনাকী পৰুৱা হৈ বেদনা কাঢ়িম ।  Premor Kobita Images -

চিঠি - ২৮

Image
শীতল সুৰে ঢৌ তুলি সৌ সিপাৰৰ সাগৰত অজিছোন বীনখনী বাজিছে দৰদী মাতেৰে কোনোবাই  অ' তোমাকে হাতবাউলি মাতিছে । Premor Kobita Images -

চিঠি ২৭

Image
     সুখৰ চকুপানীক ৰব নিদিবা  দুখৰ চকুপানী বব নিদিবা      জীৱন দুদিনীয়া সবে জানে সেয়েহে এই সুন্দৰ বন্ধুত্ব        ভাঙি যাব নিদিবা ।

চিঠি ২৬

Image
এটা চৰাইৰ মাতত বসন্ত অহা হ’লে ! তাইৰ লাহী ডেউকাই কুঁৱলী আঁতৰাব পৰা হ’লে ! Premor Kobita Images -

চিঠি -২৫

Image
স্তব্ধ মোৰ শব্দ দগ্ধ স্নিগ্ধ হৃদয় গুপ্ত এই স্পৰ্শ গ্ৰস্ত দুটি নয়ন । Premor kobita images-