হেজাৰ শৰত

কোনে কয় প্ৰেমৰ স্পৰ্শত স্পন্দিত হয় পাষাণ প্ৰতিমা? গজে জানো এবুকু বালিত যশোধৰা মন? মনক সুধিলেই কব তেজাল ঘোঁৰাবোৰে কেনেদৰে অতিষ্ঠ কৰিছে বুদ্ধৰ পাহাৰ। কেনেদৰে পাৰ হৈ আছে ৰাতিৰ এন্ধাৰ? হে মায়া, তুমি যদি সূৰ্যতকৈও অধিক তেজাল ফুলতকৈও আৰু কোমল এটি অনাদি চেতনা হোৱা তেনে,স্বাগতম জনোৱা এনে এটি প্ৰভাতক যত থমকি নৰয় হেজাৰ শৰত । Premor Kobita Hd Images-